ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ ভাৰতীয় ডাক বিভাগৰ অধীনস্থ ইণ্ডিয়া প’ষ্ট পেমেণ্টছ বেংক (আইপিপিবি) আৰু ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য বিকাশ বেংক (নিবিৰ্ড)ৰ সহযোগত “আৰ্থিক সাক্ষৰতা শিবিৰ” অনুষ্ঠানটি বৃহস্পতিবাৰে বেতিয়নী মিতালী সংঘত অনুষ্ঠিত হৈ যায়। আইপিপিবি বেংকৰ প্ৰসাৰতা বৃদ্ধি আৰু ভৱিষ্যতে চৰকাৰী সা-সুবিধা সমূহৰ ওপৰত সচেতনতা উদ্দেশ্যে অনুষ্ঠিত কৰা সভাত মাইক্ৰ ফাইনেন্স লোন সংক্ৰান্তীয় বিষয়েও আলোচনা কৰা হয়৷ উল্লেখ্য যে বৰ্তমান সময়ত যিটোৰ হাৰত ব্যক্তিগত মাইক্ৰফাইনেন্স বেংক সমূহে জনসাধাৰণৰ পৰা অধিক সুতৰ হাৰত লোণ দি আহিছে, তাৰ তুলনাত কম সুতৰ হাৰত ভাৰতীয় ইণ্ডিয়া পোষ্ট পেমেন্ট বেংকৰ জৰিয়তে এই লোণ পাব পাৰিব।

উক্ত সভাখনিত উপস্থিত থাকে শিৱসাগৰ সংমণ্ডলৰ সহকাৰী ডাক অধীক্ষক ৰুবুল গোস্বামী, গোলাঘাট আইপিপিবি শাখাৰ মেনেজাৰ কোনাল কুমাৰ সিনহা আৰু হিতোপল শইকীয়াৰ সগতে মৃণাল শইকীয়া, গিৰিধৰ বৰা, মনজিৎ গগৈ আদি অন্যান্য কৰ্মচাৰী সকল আৰু স্থানীয় বেতিয়নী গাঁৱৰ গাওঁবুঢ়া, মিতালী সংঘৰ সভাপতি, সম্পাদক, সভাপতি আৰু বেতিয়নীবাসী উপস্থিত থাকে৷













