ASSAM TIMES POST
বোকাখাতঃ পুনৰ ধনশিৰিৰ প্ৰবল বাঢ়নী পানীৰ সোঁতে সৃষ্টি কৰা গৰাখহনীয়াই বোকাখাতৰ ইতিহাস প্ৰসিদ্ধ কুৰুৱাবাহী সত্ৰলৈ ভাবুকিৰ সৃষ্টি কৰিছে। চৰকাৰী প্ৰতিৰোধ ব্যৱস্থাক নস্যাৎ কৰি ভাটি ৰঙাগড়া পাৰৰ জীঅ’বেগেৰে দিয়া প্ৰতিৰোধ ব্যৱস্থাৰ পূৱ অংশত যোৱা চাৰিদিনত প্ৰায় ১০০ মিটাৰ খঁহাই ত্ৰাসৰ সৃষ্টি কৰিছে। ইফালে বিগত অৰ্দ্ধ সপ্তাহত তীব্ৰ বেগে বৃদ্ধি পোৱা ধনশিৰিৰ জলপৃষ্ঠ আৰু প্ৰবল সোঁতে জীঅ’বেগৰ তলি খান্দি পেলোৱাৰ আশংকা কৰা হৈছে।
খহনীয়া অব্যাহত থকা অঞ্চলৰ মথাউৰি আৰু নদীৰ মাজৰ ব্যৱধান ১৫ ফুটলৈ হ্ৰাস পাইছে। উল্লেখ্য যে কুৰুৱাবাহী তিনিআলিৰ পৰা কাজিৰঙা পৰ্যন্ত বোকাখাতক নিৰাপত্তা দি থকা এই মথাউৰিটো কেনেবাকৈ খহনীয়াৰ গ্ৰাসত পৰিলে সমগ্ৰ বোকাখাতৰ উত্তৰাংশ মাজুলীলৈ পৰিণত হ’ব। খহনীয়া স্থানৰ পৰা গেন্ধালী বিললৈ দূৰত্ব মাত্ৰ ২০০ মিটাৰ। গেন্ধালী বিল আৰু পৰঙনীয়া নেপালী খুঁটিৰ মাজেদি থকা জলাহ অঞ্চলেদি বৈ তিনিসূঁতিত পৰিছে।
তিনিসূঁতি পৰিছেগৈ মৰিধনশিৰিত। ফলত এইদৰে পানী বাঢ়ি থাকিলে কাজিৰঙাৰ এক বিস্তীৰ্ণ অঞ্চলসহ বোকাখাতৰ উত্তৰাংশ মাজুলীত পৰিণত হোৱাৰ সম্ভাৱনা অধিক প্ৰকত হৈ পৰিছে। ইফালে খহনীয়াৰ গ্ৰাসত পৰিব খোজা মথাউৰিটো খঁহাই নিলেও নতুনকৈ মথাউৰি পাতিবলৈ ঠাই নাই। বিগত অৰ্দ্ধ সপ্তাহটো গৰা খহনীয়া অঞ্চল পৰিদৰ্শন কৰি স্থানীয় ৰাইজে আতংকিত হৈ পৰিছে। সম্প্ৰতি পানী কিছু কমিছে যদিও গৰা খহনীয়া অব্যাহত আছে বুলি জানিব পৰা গৈছে।













