মহাৰাষ্ট্ৰৰ বীড জিলাৰ পাটোডা-মঞ্জৰচুভা পথত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। কেজ তহচিলৰ জিৱাচিৱাড়ী গাঁৱৰ এটা পৰিয়ালে দেওবাৰে পুৱা পুনেৰ এক বিবাহ অনুষ্ঠানলৈ গৈ থকাৰ সময়তে পাটোদ-মঞ্জুৰচুভা পথত এখন তীব্ৰেবেগী ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই তেওঁলোকৰ ছুইফ্ট বাহনখনত প্ৰচণ্ড জোৰে খুন্দা মাৰে আৰু শিশুসহ ৬ জন ব্যক্তিৰ ঘটনাস্থলীতেই নিহত হয়।
দেওবাৰে পুৱা ৭ বজাত এই দুৰ্ঘটনাটি সংঘটিত হয়। ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিৰ হৈ মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে লগতে ট্ৰাকৰ চালকক আটক কৰে।