মঙলবাৰে গোলাঘাট আৰক্ষীয়ে স্বাধীনতা দিৱস উপলক্ষে হেমচন্দ্ৰ গোস্বামী পথত চলোৱা এক তালাচী অভিযানত প্ৰায় ১ কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে চাৰিজনকৈ সৰবৰাহকাৰীক আটক কৰে।
তালাচীৰ সময়ত ডিমাপুৰৰ পৰা অহা এখন বলেৰ’ পিক আপ ভানক আৰক্ষীয়ে ৰ’বলৈ সংকেট দিয়া স্বত্বেও তীব্ৰ গতিৰে আঁতৰি যাবলৈ বিচাৰে। কিন্তু আৰক্ষীয়ে খেদি গৈ গাড়ীখন ধৰে আৰু চীটৰ পাছফালৰ পৰা ২৬ টা কণ্টেনাৰত থকা ড্ৰাগছখিনি উদ্ধাৰ কৰে।
নাগালেণ্ডৰ পৰা উজনি অসম অভিমুখী AS003CC 1987 নম্বৰৰ গাড়ীখনৰ পৰা আটকাধীন চাৰি সৰবৰাহকাৰীৰ নাম হৈছে ক্ৰমে আতিক ৰহমান,হাচিম আলি,চাজিদুৰ আলি, আৰু ইমতিয়াজ আহমেদ।