ৱাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেছত ভাৰতক প্ৰতিনিধিত্ব কৰা ক্ৰীড়াবিদ সকলে নিজৰ চমকপ্ৰদ প্ৰদৰ্শনেৰে সকলোকে গৌৰৱান্বিত কৰি তুলিছে। বৰ্তমানলৈকে ভাৰতে মুঠ ৪০ টা পদক লাভ কৰিছে, ইয়াৰ মাজত ১৩ টা সোণ, ১১ টা ৰূপৰ আৰু ১৬ টা ব্ৰঞ্জৰ। এই আটাইবোৰ পদকেৰে কমনৱেলথত ভাৰতে পঞ্চমটো স্থান দখল কৰিবলৈ সক্ষম হৈছে।
আজি গেমছৰ একাদশ নম্বৰ দিনটোত বিয়লি ৪.২৪ বজাত অনুষ্ঠিত হ’বলগীয়া ৪*১০ মিটাৰ দৌৰত অংশ ল’ব ভাৰতীয় দলৰ সৈতে অসম কন্যা ধিং এক্সপ্ৰেছ হিমা দাস। ভাৰতে আজিও আজুৰিব পাৰে সোণ, ৰূপ অথবা ব্ৰঞ্জ।
আনহাতে, বেডমিণ্টনৰ ছেমি ফাইনেল পি.ভি.সিন্ধু অৱতীৰ্ণ হোৱাৰ লগতে ভাৰতীয় ক্ৰিকেট দলে ফাইনেল খেলিব অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে। এই ক্ৰিকেট খেল নিশা ৯.৩০ বজাত আৰম্ভ হ’ব।