ASSAM TIMES POST
মাধুৰ্য্য বৰা, টীয়ক : কাঠফুলৰ দৰে বৃদ্ধি পাই অহা মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰ লুণ্ঠনৰাজৰ পৰা বৰ্তমান সময়ত বিশেষকৈ সহজ সৰল গাঁৱৰ বহু পৰিয়ালে সৰ্বস্ব হেৰুৱাই পৰিবলগীয়া হৈছে বিপাঙত। সহজ সৰল গাঁৱৰ মহিলা সকলক লৈ এই বিত্তীয় প্ৰতিষ্ঠান সমূহে ১০-১৫ জনীয়া গোট বনাই প্ৰদান কৰে ঋণ আৰু সহজলভ্য ধনৰ লোভত গাঁৱৰ পৰিয়াল কিছুমানে ঘৰৰ আজবাব, টিভি, কাঁহী-বাতি বিক্ৰী কৰি পৰিশোধ কৰিব লগা হৈছে এই ঋণসমূহ।
এই মাইক্ৰ’ফাইনেঞ্চসমূহৰ হাতৰ পৰা পৰিত্ৰাণ পাবৰ উদ্দেশ্যে আজি যোৰহাট জিলাৰ টীয়কৰ উপকণ্ঠীয় বনাই ৰবিবৰুৱা, নপমুৱা, চিন্তামণিগড় আদি বিভিন্ন অঞ্চলৰ প্ৰায় ২০০ মহিলা একগোট হৈ এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে। মামণি দেৱী, জোনমণি গগৈ, জিনমণি বৰুৱাৰ নেতৃত্ব আয়োজন কৰা সভাত পৰৱৰ্তী সময়ত সেই অঞ্চলৰ মহিলাসকলে কোনো মাইক্ৰ’ফিনেন্সকে ঋণৰ কিস্তি ঘূৰাই নিদিয়াৰ সিদ্ধান্তগ্ৰহণ কৰে।
উল্লেখযোগ্য যে ৰুণু ভূঞা নামৰ কেঞ্চাৰ ৰোগীগৰাকীক বন্ধন আৰু উজ্জীৱন নামৰ মাইক্ৰ’ফাইনেঞ্চ প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে সন্তান বিক্ৰী কৰি ঋণৰ কিস্তি আদায় দিবলৈও জবৰদস্তি কৰে বুলিও জানিবলৈ দিয়ে। ইয়াৰ উপৰিও বন্ধন নামৰ প্ৰতিষ্ঠানটোৰ মহিলা কৰ্মচাৰীগৰাকীয়ে ঋণ আদায় দিব নোৱাৰিলে আত্মহত্যা কৰক বুলিও অভব্য আচৰণ কৰে কেঞ্চাৰ ৰোগীগৰাকীক।













