ASSAM TIMES POST
মাধুৰ্য বৰা, টীয়কঃ দীপাৱলীৰ আনন্দৰ মাজতে যোৰহাট জিলাৰ টীয়ক নৈত যোৱা নিশা অজিত গগৈ নামৰ এজন ৪৫ বছৰীয়া ব্যক্তি সাঁকো পাৰ হওঁতে হঠাৎ পৰি যায়। টীয়ক পৌৰ সভাৰ চাৰি নং ৱাৰ্ডৰ বাহবাৰী অঞ্চলৰ বাসিন্দা অজিত গগৈ সন্ধ্যা পত্নীৰ সৈতে কামৰ পৰা উভতি অহাৰ সময়তে সংঘটিত হয় ঘটনাটো।
উল্লেখযোগ্য যে ব্যক্তিজনৰ সন্ধানত পুৱাৰে পৰা যোৰহাটৰ পৰা অহা এছডিআৰএফ বাহিনীয়ে অভিযান চলাই আছে যদিও বৰ্তমান লৈকে ব্যক্তিজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখযোগ্য যে টীয়ক পৌৰ সভাৰ অধীনৰ আৰু বিধায়িকা গৰাকীৰ বাসগৃহৰ পৰা প্রায় এক কিলোমিটাৰ নিলগৰ এই বাঁহবাৰী গাঁওখন আজি পৰিমিত পোৱা নাই চৰকাৰ কোনো বিশেষ আঁচনিৰ।
গাঁওখনলৈ সোমাই যোৱা পথটোৰ আৰম্ভণিতেই একাঁঠু পৰ্যন্ত বোকাময় হৈ পৰে। যাতায়াতৰ সুবিধাৰ কাৰণে যি এখন পকী দলং আছিল সিও জৰাজীৰ্ণ ৰূপত। প্রায় ১০ খন গাঁৱৰ বসতিস্থল এই অঞ্চলটোত বাৰিষাৰ সময়ত হাতত জোতা চেণ্ডেল লৈ স্কুল-কলেজলৈ যাব লাগে অতি বিপদসংকুলভাৱে।
জানিব পৰা মতে বাতৰি লিখা পৰলৈকে নদী আৰক্ষীয়ে সন্ধানহীন হৈ থকা লোকজনৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই। দিনৰ দুই বজা পৰ্যন্ত চলা অভিযানৰ অন্তত নদী আৰক্ষীয়ে কোনো শুংসূত্ৰ নাপাই কালিলৈ পুনৰ অভিযান চলাব বুলি জানিবলৈ দিছে।












