ASSAM TIMES POST
গোলাঘাটঃ গোলাঘাট বিধান সভা সমষ্টিৰ বকলাইত আজি মুখ্যমন্ত্ৰীৰ “আমাৰ চৰকাৰ” কাৰ্যসূচীৰ অংশ হিচাপে স্বচ্ছ আৰু সুস্থ গাঁও গঠনৰ শুভাৰম্ভ কৰা হয়। বকলাই যুৱ সংঘৰ উদ্যোগত গাঁও পৰিষ্কাৰ আৰু সুস্থ, সৱল হিচাপে গঢ়ি তোলাৰ পৰিকল্পনাৰে অনুষ্ঠিত হোৱা এই কাৰ্যসূচীৰ আৰম্ভ কৰে। বিজেপি নেতা জয়ন্ত কুমাৰ গোস্বামীৰ নেতৃত্বত কলিয়াপানী গাঁও পঞ্চায়তৰ বকলাই গাঁও, ঘিলাধাৰী গাঁও পঞ্চায়তৰ চকৰধৰা গাঁও আৰু আঠখেলীয়া গাঁও পঞ্চায়তৰ বছা গাঁৱক সামৰি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বিজেপি নেতা গোস্বামীয়ে এই কাৰ্যসূচীতে স্বচ্ছ ভাৰতৰ লক্ষ্যৰে ডাষ্টবিন, পলিঠিন মুক্ত গঢ়াৰ সংকল্পৰে মৰাপাটৰ বেগ আৰু সুস্থ পৰিবেশ গঢ়াৰ মানসেৰে খেলৰ সামগ্ৰী বিতৰণ কৰে৷
এই কাৰ্যসূচীত “আমাৰ চৰকাৰ”ৰ সমন্বয়ক দীপাংকৰ শইকীয়া উপস্থিত থকাৰ লগতে বিজেপি নেতা ৰুবুল বৰা, অবিচি মৰ্চাৰ সাধাৰণ সম্পাদক অঞ্জন বৰা, বিজেপি কৰ্মী টুটু বৰা উপস্থিত থাকে। এই অনুষ্ঠানত বিজেপি নেতা জয়ন্ত কুমাৰ গোস্বামীয়ে কয় যে, এখন গাঁও প্ৰদূষণমুক্ত, স্বচ্ছ, সেউজ আৰু সবল গাঁও হিচাপে স্বীকৃতি পাবলৈ হ’লে প্ৰত্যেক পৰিয়ালত যাতে ব্যৱহাৰযোগ্য শৌচালয়ৰ ব্যৱস্থা থাকিব লাগিব৷ সেয়ে প্ৰধান মন্ত্ৰীয়ে অনাময় আচঁনিৰ জৰিয়তে সকলো শ্ৰেণীৰ লোকক সামৰি লৈছে৷
এবাৰ ব্যৱহাৰ্য প্লাষ্টিক জাতীয় সামগ্ৰী বৰ্জন কৰাটো একান্তই বাঞ্চনীয় । প্ৰত্যেক ঘৰৰ চৌহদত একোটাকৈ বাঁহেৰে নিৰ্মিত ডাষ্টবিনৰ ব্যৱস্থা গ্ৰহণ কৰা, দৈনন্দিন কাম-কাজত প্লাষ্টিক জাতীয় সামগ্ৰীৰ সলনি জৈৱিক সামগ্ৰীৰ ব্যৱহাৰ কৰা, গাঁওখনৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে অন্ততঃ দুটাকৈ গছপুলি ৰোপণ কৰাটো একান্তই কামনা কৰি লগতে কয় যে গাঁওখনত ৰাজহুৱাভাৱে এক নিৰ্দিষ্ট স্থানত ঔষধিযুক্ত গছপুলি যেনেঃ নিম, নৰসিংহ, অৰ্জুন আদি ৰোপণ কৰি সুস্থ পৰিবেশ গঢ়াৰ বাবে সকলোৱে সংকল্পবদ্ধ হ’ব লাগিব।













