ASSAM TIMES POST
গুৱাহাটীঃ ৰাজ্য চৰকাৰৰ নতুন জনসংখ্যা নীতিক সমলোচনা কৰি এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলে কৰা মন্তব্যই সৰ্বত্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ পাছত বুধবাৰে আজমলক সমৰ্থন জনাইছে জনীয়া সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক তথা এআইইউডিএফৰ নেতা ৰফিকুল ইছলামে।
গুৱাহাটীত সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে জনসংখ্যা নীতি সমগ্ৰ ভাৰতত কাৰ্যকৰী হ’ব লাগে। কেৱল অসমতে হ’লে মানৱ অধিকাৰ খৰ্ব হ’ব। সন্তান বেছি হ’লে সমস্যা নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে তেওঁৰ পিতৃ-মাতৃৰ ঢেৰ সন্তান আছিল, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পিতৃ-মাতৃৰো বহু সন্তান আছিল।













