ASSAM TIMES POST
গুৱাহাটীঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পাছত এইবাৰ হত্যাৰ ভাবুকি প্ৰদান কৰা হৈছে ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানি মন্ত্ৰী তথা উত্তৰ পূব গণতান্ত্ৰিক মৰ্চা চমুকৈ ‘নেডা’ৰ আহ্বায়ক ডঃ হিমন্ত বিশ্ব শৰ্মাক।
ছ’চিয়েল নেটৱৰ্কিং চাইট ফেচবুকৰ জৰিয়তে শেহতীয়াকৈ ৰাজীৱ হান্টাৰ ৰহমানৰ নামত থকা এটা ইউজাৰে তেওঁক এই ভাবুকি প্ৰদান কৰিছে।
দহ দিনৰ ভিতৰত ডঃ শৰ্মাক হত্যা কৰা হ’ব বুলি ফেচবুক প’ষ্ট এটাত কোৱা হৈছে। এই সম্পৰ্কত ইতিমধ্যে অসম আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ইয়াৰ পূৰ্বেও ডঃ শৰ্মাৰ জীৱনলৈ ছুপাৰি কিলাৰৰ ভাবুকি আহিছিল।













