ASSAM TIMES POST
গুৱাহাটীঃ তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ বৃহস্পতিবাৰৰপৰা আৰম্ভ হ’ব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু জ্যোতি চিত্ৰবনত সপ্তাহধৰি অনুষ্ঠিতব্য এই মহোৎসৱত প্ৰায় ১০০ খন চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ’ব।
ডঃ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিচন প্ৰতিষ্ঠানৰ সহযোগত জ্যোতি চিত্ৰবনে আয়োজন কৰা এই মহোৎসৱৰ অন্ত পৰিব ৬ নৱেম্বৰত। উল্লেখযোগ্য যে বৃহস্পতিবাৰৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব পোলীয় চলচ্চিত্ৰ নিৰ্মাতা ক্ৰজিষ্টঅব জানুচ্ছায়ে।
তদুপৰি একেটা অনুষ্ঠানতে উপস্থিত থাকিব প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা মাধুৰ ভান্দাৰকাৰ। এইবাৰৰ মহোৎসৱভাগিত ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণত অধিক গুৰুত্ব আৰোপ কৰা হৈছে।













