ASSAM TIMES POST
গুৱাহাটীঃ মেট্ৰ’লাইট শীৰ্ষক গুৱাহাটী মেট্ৰ’ ৰেল প্ৰকল্প আৰম্ভ কৰিবলৈ আগবাঢ়িছে অসম চৰকাৰ। বুধবাৰে সংবাদ মাধ্যমৰ সন্মুখত এই কথা সদৰী কৰে গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই।
উল্লেখযোগ্য যে বুধবাৰে পুৱাৰ ভাগত মন্ত্ৰীজনে ‘ৰাইটছ’ শীৰ্ষক এজেন্সীটোৰ প্ৰতিনিধিৰ সৈতে এখন আলোচনাত মিলিত হয়। উক্ত আলোচনাৰ পাছতে সংবাদ মাধ্যমত তেওঁ কয় যে আলোচনাকালত প্ৰকল্পটোত ব্যৱহৃত হ’বলগীয়া প্ৰযুক্তি সম্পৰ্কীয় কথাই ঠাই পাইছে।
তদুপৰি মেট্ৰ’ ৰেল চলিবলগীয়া পথ আৰু ইয়াৰ দৈঘ্য সম্পৰ্কটো আলোচনা কৰা হয়। ইয়াৰ ভিত্তিত চৰকাৰে সংস্থাটোক শীঘ্ৰে এখন প্ৰতিবেদন দাখিল কৰিব। তাৰ পাছত তেওঁলোকে আনুমানিক ব্যয় আৰু সম্পূৰ্ণ হোৱাৰ সময় আদিৰ উল্লেখৰে প্ৰতিবেদন দাখিল কৰিব।













