![]()
জম্মু-কাশ্মীৰত পুনৰ উত্তেজনাৰ সৃষ্টি হৈছে সেনা-উগ্ৰপন্থীৰ মাজত। শনিবাৰে পুৱা বাৰামুলা জিলাত সংঘটিত সংঘৰ্ষত নিহত হয় এজন উগ্ৰপন্থী। সংবাদ সংস্থা এএনআইৰ সূত্ৰ অনুসৰি, অঞ্চলটোত আত্মগোপন কৰি আছে উগ্ৰপন্থী।
সেই সময়ত উগ্ৰপন্থীয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা কৰে। তাৰে প্ৰতিশোধ লয় নিৰাপত্তা বাহিনীয়ে। জম্মু-কাশ্মীৰ আৰক্ষীয়ে টুইটাৰযোগে এই গুলীচালনাৰ ঘটনাৰ খবৰ দিয়ে। এই ঘটনা সংঘটিত হয় বাৰামুলাৰ ৱানিগাম বালা অঞ্চল। সমগ্ৰ অঞ্চলটো ঘেৰি ৰখা হৈছে।











