ASSAM TIMES POST
নগাঁওঃ নগাঁও সদৰ আৰক্ষীক একপ্ৰকাৰ চেলেঞ্জ দি কালি নিশা চোৰে নগাঁও সদৰ থানাৰ সন্মুখত থকা ভাৰতীয় ষ্টেট বেংকৰ এটা এ টি এম ভাঙি লণ্ড ভণ্ড কৰে।

এ টি এম টো ভাঙি লণ্ড ভণ্ড কৰিলেও চোৰে এ টি এমৰ পৰা টকা উলিয়াই নিয়াত ব্যৰ্থ হয় বুলি জানিব পৰা গৈছে। আনহাতে আজি পুৱা আৰক্ষীৰ লোক উপস্থিত হৈ ভগ্ন এ টি এম টোৰ চাটাৰ বন্ধ কৰি দিয়ে।

থানাৰ সন্মুখৰ এ টি এমত চোৰে তাণ্ডৱ চলোৱা ঘটনাই নগাঁও আৰক্ষীৰ বিশেষকৈ নগৰ আৰক্ষীৰ ব্যৰ্থতাক উদঙাই দিয়া বুলি চৰ্চিত হৈছে।
অৱশ্যে নগাঁৱৰ তুলসীমুখ দেউৰিগাঁৱত নিশা সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ বাবে নগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দল ঘটনাস্থলীত ওৰে নিশা নিয়োজিত হৈ আছিল।
তেনে অৱস্থাত সদৰ থানাত থকা নগৰ আৰক্ষীৰ উপস্থিতিক আওকাণ কৰি চোৰে এ টি এম টো ভাঙি লুটপাত চলায়।













