ASSAM TIMES POST
গুৱাহাটীঃ ২০২২ চনৰ ভিতৰত কৃষকৰ আয় দুগুণ বৃদ্ধিৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ কৃষি, উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত মঙলবাৰে আয়োজিত কৃষক সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
ইয়াত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰদৰ্শনীও পৰিদৰ্শন কৰে। ইয়াতে তেওঁ প্ৰগতিশীল কৃষক আৰু অন্যান্যসকলৰ সৈতে মত-বিনিময় কৰে। ইয়াত বিশিষ্ট অতিথি হিচাপে কৃষি, উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগৰ মন্ত্ৰী অতুল বৰা উপস্থিত থাকে।













