ASSAM TIME POST
শ্ৰীনগৰঃ জম্মু-কাশ্মীৰৰ পুলৱামা জিলাৰ ড্ৰাবগামত মঙলবাৰে ভাৰতীয় সেনা আৰু চিআৰপিএফলৈ লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে গুলীবৰ্ষণ কৰে। সন্ত্ৰাসবাদীয়ে যি স্থানত গুলীবৰ্ষণ কৰে, তাৰ সমীপতে অৱস্থিত এখন বিদ্যালয়ৰ পৰীক্ষাকেন্দ্ৰত ১০ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা দি আছিল। উল্লেখযোগ্য যে ১০ম শ্ৰেণীৰ পৰীক্ষা বাবেই উক্ত কেন্দ্ৰটোৰ চৌপাশে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছিল। সন্ত্ৰাসবাদীৰ দল এটাই গুলীবৰ্ষণ কৰিয়েই উক্ত স্থানৰপৰা পলায়ন কৰে। প্ৰাপ্ত তথ্য অনুসৰি, এই গুলীবৰ্ষণত কোনো হতাহত হোৱা নাই। এই ঘটনাৰ পাছতে উক্ত স্থানত আৰু অধিক কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ লগতে অনুসন্ধান আৰম্ভ কৰা হৈছে।












