![]()
জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ মেন্ধাৰ ছেক্টৰত সংঘটিত হৈছে গ্ৰেনেড বিস্ফোৰণ। দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হয়। মৃত্যু হোৱা লোক দুজন কেপ্টেইন আনন্দ আৰু কনিষ্ঠ কমিছনড অফিচাৰ ভগৱান সিং বুলি চিনাক্ত কৰা হৈছে। একে সময়তে আহত হৈছে আন ৬ জন জোৱান।
গ্ৰেনেডটো কেনেকৈ বিস্ফোৰণ হ’ল সেই সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়া হৈছে। সেনা বিষয়াসকলে জনোৱা মতে, দেওবাৰে নিশা জোৱানকেইজনে মেন্ধৰ খণ্ডৰ এল অ’ চিৰ ওপৰত কৰ্তব্য পালন কৰি আছিল।
তেনে সময়তে বিস্ফোৰণ সংঘটিত হয় আৰু আহত আটাইকেইজনক লগে লগে বিমানযোগে উধামপুৰলৈ প্ৰেৰণ কৰা হয় যদিও দুৰ্ভাগ্যবশত এজন বিষয়া আৰু এজন জেচিঅ’ৰ মৃত্যু হয়। আহত আন ৬ জনৰ চিকিৎসা বৰ্তমান চলি আছে।










