ASSAM TIMES POST
গুৱাহাটীঃ সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা চমুকৈ এআইইউডিএফৰ সভাপতি আৰু সাংসদ বদৰুদ্দিন আজমলে ইছলাম ধৰ্মাৱলম্বী ৰাইজক বহু সন্তান জন্ম দিবলৈ উদগণি যোগোৱা কাৰ্যক বিৰোধিতা কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে। দুদিন পূৰ্বে আজমলে ৰাজ্য চৰকাৰৰ জনসংখ্যা নিয়ন্ত্ৰণৰ লক্ষ্যৰে নতুন জনসংখ্যা নীতিক বিৰোধিতাৰে যি অদূৰদৰ্শী মন্তব্য আগবঢ়ালে, তাক সস্তীয়া ৰাজনীতি আখ্যা দিয়ে সংগঠনটোৱে। বুধবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক সংবাদ বিজ্ঞপ্তিত আমছুৰ উপদেষ্টা আজিজুৰ ৰহমান আৰু সভাপতি ৰেজাউল কৰিম সৰকাৰে আজমলৰ নাম উল্লেখ নকৰাকৈয়ে কয়, ‘চৰকাৰৰ নতুন জনসংখ্যা নীতিক লৈ অসমৰ একাংশ ৰাজনীতিবিদে সস্তীয়া ৰাজনীতি কৰি থকা পৰিলক্ষিত হৈছে। ৰাজনীতি কৰে বুলিয়েই ধৰ্মৰ নামত সহজ-সৰল লোকক বিপথে পৰিচালিত নকৰিবলৈ আমি আহ্বান জনালো।’













