মহাৰাষ্ট্রত বৰষুণৰ কাৰণে নতুনকৈ পুনৰ চাৰিজনৰ মৃত্যু হৈছে। ইয়াৰ লগতে মৃতকৰ সংখ্যা বৃদ্ধি হৈছে ৯৯ জনলৈ। আকৌ বৰষুণৰ পূর্বাভাস জাৰি কৰা হৈছে।
বৰষুণত বিপর্যস্ত মহাৰাষ্ট্রত যোৱা ২৪ ঘণ্টাত পুনৰ চাৰিজনৰ মৃত্যু হৈছে। এই খবৰ জনাইছে মহাৰাষ্ট্রৰ দুৰ্যোগ ব্যৱস্থাপনা বাহিনীয়ে। প্রৱল বৰষুণৰ বাবে ১৮১টা পশুৰো মৃত্যু হৈছে।
জানিব পৰা মতে, নতুনকৈ দুর্যোগত যি চাৰিজনৰ মৃত্যু হৈছে, তেওঁলোক পূব মহাৰাষ্ট্রৰ গণ্ডীয়া জিলাৰ বাসিন্দা। সংবাদ সংস্থা পিটিআইৰ সূত্রে মতে, তিনিজনৰ সন্ধান এতিয়ালৈ পোৱা হোৱা নাই। নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হৈছে ৭ হাজাৰ ৯৬৩ জনক।
সংবাদ সংস্থা এএনআইৰ সূত্রৰ খবৰ অনুযায়ী, মুঠ ১৪টা ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বাহিনী আৰু ৰাজ্যৰ ছয়টা দুৰ্যোগ ব্যৱস্থাপনা বাহিনীক নিয়োজিত কৰা হৈছে।
আনহাতে, পুনৰ বৰষুণৰ পূর্বাভাস জাৰি কৰিলে বতৰ বিজ্ঞানীয়ে। পালঘৰ, পুণে, চাতাৰাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে মুম্বাই, ঠাণে, ৰায়গড়, ৰত্নাগিৰি, সিন্ধুদুর্গ, নাচিক, কোলাহপুৰ, অমৰাৱতী, নাগপুৰ, ৱার্ধা, গড়চিৰোলিত।