কাছাৰৰ উপায়ুক্ত কীৰ্তি জল্লীক বদলি।কামৰূপৰ নতুন উপায়ুক্ত নিযুক্তি জল্লীক।উল্লেখ্য যে কাছাৰৰ শেহতীয়া বানপানী সময়ত সামাজিক মাধ্যমত অধিক চর্চা হৈছিল জল্লী।
ডাম্পাত উঠি বানাক্ৰান্ত খবৰ লৈছিলগৈ জল্লীয়ে।দক্ষ প্ৰশাসনিক বিষয়াৰ গৰাকীয়ে বান-বোকা ফালিও ক্ষতিগ্ৰস্ত কাষলৈ যোৱা ছবি সামাজিক মাধ্যমত অধিক ভাইৰেল হৈ পৰিছিল।উপায়ুক্ত গৰাকীৰ কৰ্মক বহুতেই প্ৰশংসাৰে উপচাই পেলাইছিল।
আনহাতে জল্লী স্থানত কাছাৰত নতুন উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে ৰোহন কুমাৰ ঝাক। ইয়াৰ উপৰিও অন্য বহুকেইখন জিলাত নতুন উপায়ুক্ত নিযুক্তি দিয়া হৈছে।গোৱালপাৰাত খনিদ্ৰ চৌধুৰী, নগাঁও নৰেন্দ্ৰ কুমাৰ শ্বাহ, বৰপেটা আয়ুস গাৰ্গ, চিৰাং জিলাত বিজয় ভাস্কৰ ৰেড্ডী, বাক্সাত মচন্দ মাগদালিন পাৰ্টিন।