ASSAM TIMES POST
গোলাঘাটঃ গোলাঘাটৰ চেলেঙী গাঁৱত পিঞ্জৰাবদ্ধ হৈছে সোমবাৰে এটা প্ৰকাণ্ড নাহৰফুটুকী৷
দীৰ্ঘদিন ধৰি গাঁওখনত সন্ত্ৰাস চলাই আহিছিল বাঘটোৱে। গঞা ৰাইজৰ পহুধন খায় আতংকিত কৰি আহিছিল বাঘটোৱে৷ অৱশেষত পুৱা বন বিভাগে সংস্থাপন কৰা এই পিঞ্জৰাত আৱদ্ধ হয় নাহৰফুটুকীটো। ইফালে পিঞ্জৰাবদ্ধ বনৰজাৰ গোজৰণিত কপি উঠে অঞ্চলটো।খঙত পিঞ্জৰাৰ ভিতৰতে গৰজি উঠে নাহৰফুটুকীটো।
বন বিভাগৰ লোক উপস্থিত হৈ নাহৰফুটুকীটো সেই স্হানৰ পৰা লৈ গৈ নামবৰ দৈগ্ৰোং বন্যপ্ৰাণী অভৰাণ্যত মুকলি কৰি দিয়ে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে কেইবাটাও নাহৰফুটুকী হৈছে উক্ত এলেকাত। গতিকে এই ক্ষেত্ৰত বন বিভাগ তথা প্ৰশাসনক ব্যৱস্হা গ্ৰহণৰ দাবী জনাইছে স্হানীয় লোকে৷













