ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ দীপাৱলীৰ আনন্দ উল্লাসৰ মাজতে নিশা গোলাঘাটৰ এৰেঙাপাৰাত চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়৷ বিচনাত শুই থকা অবস্থাত এগৰাকী যুৱতীক গুলি কৰি আহত কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
প্ৰাপ্ত খবৰ অনুসৰি দীপাৱলীৰ মাজনিশা দুৰ্বত্তই বিচনাত শুই থকা অবস্থাত গুলীয়াই থৈ যায় দুৰ্বত্তই।ঘৰৰ বাহিৰৰ পৰা গুলীচালনা কৰাত খিৰিকী গ্লাছ ভাঙি যুবতীগৰাকী পিঠিৰ সো ভাগত গুলীবিদ্ধ হয়৷ সোমবাৰে পুৱতি নিশা প্ৰায় ৩ মান বজাত সংঘটিত উক্ত ঘটনাৰ পাছত হুলস্থুল লাগিল ঘৰৰ আন আন সদস্যসকলৰ মাজত।
লগে লগে সংকটজনক অবস্হাত যুবতীগৰাকীক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয়। ইপিনে এই ঘটনা সংঘটিত হোৱাৰ পাছত তীব্ৰ চাঞ্চল্য সৃষ্টি হয়৷
ইয়াৰ পিছতে গোলাঘাট আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। তাৎপৰ্যপূৰ্ণ বিষয় যে নিশা অহা সেই দুৰ্বৃত্তৰ দলটোৱে যুবতীগৰাকীৰ কি উদ্দেশ্যৰে গুলীচালনা কৰিলে সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই৷ সমগ্ৰ ঘটনাৰ ৰহস্যৰ আৱৰ্ত্তত৷ যুৱতীগৰাকীক কোনে আৰু কিয় গুলিয়ালে তাক লৈ চাঞ্চল্য অব্যাহত থকাৰ সমান্তৰালভাৱে আৰক্ষীয়েও তদন্ত অব্যাহত ৰাখিছে৷













