ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ গোলাঘাটত ভোজপুৰী সমাজৰ মাজত এতিয়া হাহাকাৰ অৱস্হা। চিন্তিত ভোজপুৰী সমাজৰ লোকসকল। ভোজপুৰী সমাজৰ সৰ্ববৃহৎ ছট পূজা অনুষ্ঠিত কৰাক লৈ আশংকাত ভূগিছে সকলো। কাৰণ ছট পূজালৈ মাজত মাত্ৰ দুটা দিন বাকী থকাৰ সময়তে ধনশিৰি নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলালে ধনশিৰি ঘাট সমূহ। আবতৰীয়া এই বানৰ কবলত গোলাঘাটৰ বিভিন্ন প্ৰান্তত।
পানীৰ ঢলে ভয়ংকৰ ৰূপ লৈছে চাৰিওফালে। বিগত বছৰ সমূহত গোলাঘাটৰ ধনশিৰি নদীৰ পাৰত থকা ঘাট সমূহত বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰি আহিছিল ছট পূজা। হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটা এই ধনশিৰি নদী এতিয়া অশান্ত। গতিকে অহা ২ নবেম্বৰত অনুষ্ঠিত হব লগীয়া ভোজপুৰী সমাজৰ পূজা ভাগ কিদৰে পালন তাক লৈ অনিশ্চয়তাত ভূগিছে ভোজপুৰী সমাজ। ইফালে গোলাঘাট এৰেঙাপাৰাৰ ১ নং ৱাৰ্ডৰ বিভিন্ন প্ৰান্তৰ বৰ্তমান ধনশিৰি নদীৰ বাঢ়নী পানীৰ তলত।













