পুনৰ বিয়া পাতিলে পঞ্জাবৰ মুখ্যমন্ত্রী ভগৱন্ত মানে। অৱশ্যে পূৰ্বতেই জনা গৈছিল যে একেবাৰে ঘৰুৱা অনুষ্ঠানতেই বিয়া পাতিব ওলাইছে তেওঁ। উপস্থিত থাকিব আঙুলিৰ মূৰত গণিব পৰা কেইজনমান মানুহ। ঠিক সেইদৰেই সম্পন্ন হ’ল মানৰ দ্বিতীয় বিয়া।
মানৰ বিয়াত উপস্থিত থাকে আপ প্রধান তথা দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল। উপস্থিত থাকে ৰাঘৱ চড্ডা। ৰাঘৱে মানৰ বিয়াৰ বহুতো ছবি প্রকাশ কৰিছে সামাজিক মাধ্যমত। ৰাঘৱে প্রকাশ কৰা ছবিত দেখা গৈছে কেজৰিৱালকো।
উল্লেখ্য, ৪৮ বছৰৰ মানৰ দ্বিতীয় বিয়া এইখন। পাত্রী গুৰপ্রীত কৌৰ। ৬ বছৰ আগেয়ে মানৰ প্রথম বিয়াৰ বিচ্ছেদ হয়। পত্নী-সন্তান এই মুহূর্তত আমেৰিকাত থাকে বুলি খবৰ পোৱা গৈছে। বৃহস্পতিবাৰে মানৰ বিয়াৰ প্রসঙ্গত ৰাঘৱ চড্ডাই জনাইছে, তেওঁৰ মাতৃৰ সপোন আছিল পুত্ৰক পুনৰ বিয়া কৰাই দিয়াৰ। বিয়াৰ লগতে জীৱনৰ স্থায়িত্ব অহাটো বিচাৰে পুত্ৰৰ জীৱনত। সেয়ে আজি পুনৰ বিয়াত বহে পঞ্জাবৰ মুখ্যমন্ত্রী।
সংবাদসংস্থা এএনআই সূত্রৰ খবৰ মতে, মানৰ বিয়াৰ অনুষ্ঠানত খোৱাৰ তালিকাত আছে ইটালিয়ানৰ লগতে ভাৰতীয় খাদ্য। মেনুত আছে কঢ়াই পনিৰ, ডাল মাখনি, নৱৰত্ন বিৰিয়ানি, তন্দুৰি কুলচা, এপ্রিকট স্টাফড কোফতা, মুগ দাইলৰ হালৱা, চাহি টুকডা, আঙ্গুৰি ৰচমলাই, ড্রাইফ্রুট ৰাৱড়িৰ লগত আছে আৰু বহু কিবা কিবি জিভালৈ পানী অনা খাদ্য সম্ভাৰ।