গৃহ নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকৰ কল্যাণ সন্দৰ্ভত আজি শ্ৰম বিভাগৰ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকত সভাপতিত্ব কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
উক্ত বৈঠকত মুখ্যমন্ত্ৰীয়ে কয়, “চৰকাৰৰ অগ্ৰাধিকাৰ ক্ষেত্ৰসমূহৰ ভিতৰত অন্যতম গুৰুত্বপূৰ্ণ নিৰ্মাণ খণ্ড হৈছে অৰ্থনীতি নিৰ্ণায়ক এক চালিকা শক্তি।
বিভিন্ন নিৰ্মাণ কাৰ্য্যত কঠোৰ পৰিশ্ৰমেৰে নিয়োজিত হৈ ৰাজ্যৰ অৰ্থনৈতিক বিকাশত অৰিহণা যোগোৱা শ্ৰমিকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ আমাৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।”
আজিৰ বৈঠকত নিৰ্মাণ শ্ৰমিকসকলক বিভিন্ন ধৰণৰ সুবিধা প্ৰদানকে আদি কৰি মৃত্যু, বিকলাঙ্গতাৰ ক্ষতিপূৰণ, চিকিৎসা সাহায্য আদি সুবিধাসমূহৰ বিষয়ে আলোচনা কৰা হয়।বৈঠককালত কেবিনেট সতীৰ্থ শ্ৰীসঞ্জয় কিষাণ, শ্ৰীজয়ন্ত মল্লবৰুৱা আৰু চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিত আছিল।