ASSAM TIMES POST
গুৱাহাটীঃ পাৰ্ছনেল, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰণালয়ে ২৮ অক্টোবৰৰপৰা ২ নৱেম্বৰলৈ আয়োজন কৰা তদাৰকী সজাগতা সপ্তাহলৈ সঁহাৰি জনাইছে ৰাজ্যৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে। এই সম্পৰ্কত সঞ্চালকালয়ে এটা বিবৃতিত ৰাইজক আহ্বান জনাই কয় যে যদিহে কাৰোবাৰ ওচৰত দুৰ্নীতি সম্পৰ্কীয় তথ্য থাকে, তেন্তে অনতিপলমে https://dgvigilance.assam.gov.in লিংকটোত উপলব্ধ বিভাগীয় বিষয়াৰ সৈতে যোগাযোগ বা 03612462294 নম্বৰলৈ ফোন কৰিব পাৰিব। মূলতঃ দুৰ্নীতিক পোহৰলৈ আনি দেশক আগুৱাই নিয়াৰ খাতিৰতে সঞ্চালকালয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিছে। উল্লেখ্য যে এইবাৰৰ ভিজিলেঞ্চ এৱাৰনেছ উইকৰ থীম হৈছে, ‘অখণ্ডতা-জীৱনৰ এটি পথ।’













