দেশত কৰোনাৰ দৈনিক সংক্রমণ মঙ্গলবাৰে কিছু কম। অৱশ্যে বিগত কেইবাদিনো ধৰি সংক্রমণ বৃদ্ধি পাই আছিল। তেনে পৰিস্থিতিতে চাঞ্চল্যকৰ দাবী কৰে ইজৰাইলৰ এজন বিজ্ঞানীয়ে। তেওঁৰ দাবী, ভাৰতত কৰোনাৰ নতুন প্রজাতি বিএ.২.৭৫-ৰ সংক্রমণ ধৰা পৰিছে।
ইতিমধ্যে দেশৰ ১০ ৰাজ্যত ৬৯ জন এই নতুন প্রজাতিত আক্রান্ত হৈছে। ইজৰাইলৰ চেবা মেডিকেল চেন্টাৰৰ চেন্ট্রেল ভাইৰোলজি লেবৰেটৰিত কর্মৰত ছে ফ্লেইছনে টুইটাৰত লিখিছে, ‘ভৰতৰ ১০খন ৰাজ্যৰ উপৰি সাতখন দেশত ৮৫টা চিকোৱেন্স পোৱা গৈছে।
তাৰ বাহিৰে নতুন প্রজাতিৰ সংক্রমণৰ খবৰ এতিয়ালে পোৱা নাই।’ বিজ্ঞানীজনে আৰু জনায় যে চলিত বছৰৰ ২ জুলাইত কৰোনাৰ এই নতুন প্রজাতিত মহাৰাষ্ট্রত সংক্রমিত হৈছে ২৭ জন। পশ্চিমবঙ্গত আক্রান্তৰ সংখ্যা ১৩। দিল্লী, জম্মু, উত্তৰ প্রদেশত এজনৰ দেহত কৰোনাৰ এই নতুন প্রজাতি পোৱা গৈছে।
হাৰিয়ানাত সংক্রমিত হৈছে ছয়জন। হিমাচলপ্রদেশত এই সংখ্যা তিনি। কর্নাটকত ১০ জন, মধ্যপ্রদেশত পাঁচজন আৰু তেলেঙ্গানাত দুজনৰ দেহত কৰোনাৰ এই নতুন প্রজাতিৰ সন্ধান পোৱা গৈছে।
কিমান বিপজ্জনক হ’ব পাৰে কৰোনাৰ এই নতুন ৰূপ?
বিজ্ঞানীজনৰ দাবী, নতুন প্রজাতিক লৈ উদ্বেগ থাকিলেও ইমান দ্রুততাৰে বিষয়টোত কিবা কোৱাটো ঠিক নহ’ব। জিনোমিক ডেটা প্লেটফর্ম ‘নেক্সটস্ট্রেনʼৰ দাবী, ভাৰতৰ বাহিৰেও আৰু সাতখন দেশত এই নতুন প্রজাতিৰ সংক্রমণৰ প্ৰভাৱ পোৱা গৈছে ।
এই দাবী উত্থাপন কৰি আইচিএমআৰৰ বিজ্ঞানী সমীৰণ পাণ্ডাই কয়, ‘কৰোনা ভাইৰাছ এতিয়াও আছে । ফলস্বৰূপে নতুন প্রজাতিৰ সংক্রমণ ঘটিবই। ভাইৰাছৰ ৰূপ সলনি হয়। ইয়াত অস্বাভাবিক একো নাই।’