ASSAM TIMES POST
গুৱাহাটীঃ দীপাৱলীৰ আনন্দৰ মাজতে আজি সন্ধিয়া যোৰহাটৰ বৰুৱা চাৰিআলিৰসমীপত এডাল গেছ পৰিবাহী পাইপলাইনত এক ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।
তাৎক্ষণিকভাবে অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ গেছ পৰিবাহী পাইপলাইনৰ ভয়ংকৰ অগ্নিকাণ্ডৰ জুই কিছুসময়ৰ ভিতৰতে নিৰ্বাপিত কৰিবলৈ সক্ষম হয় যদিও সমগ্ৰ অঞ্চলজুৰি তীব্ৰ আতংকময় পৰিৱেশৰ সৃষ্টি হয়। প্ৰথম অৱস্থাত অগ্নিকাণ্ডৰ জুই দেখি উক্ত অঞ্চলৰ লোকসকলে দীপাৱলী উদযাপন কৰা বুলি কাষ চাপি আহিছিল যদিও গেছ পৰিবাহী পাইপলাইনত জুই দেখি উপস্থিত লোকৰ মাজত অতংকময় পৰিৱেশে বিৰাজ কৰে।
প্ৰাপ্ত প্ৰত্যক্ষদৰ্শীৰ মতে, জুইৰ শিখা প্ৰায় ২০ৰ পৰা ৩০ ফুট মান উচ্চতালৈকে জ্বলি উঠিছিল বুলি জানিবলৈ দিছে। অসম গেছ ক’ৰ্পৰে’চন লিমিটেদৰ গেছ পৰিবাহী পাইপডালত হোৱা বিজুতিৰ ফলতে সমগ্ৰ ঘটনাটো সংঘটিত হোৱা বুলি উপস্থিত অগ্নিনিৰ্বাপক বাহিনীৰ লোকে জানিবলৈ দিছে।













