কটন বিশ্ববিদ্যালয়ৰ (Cotton University) সাধাৰণ সম্পাদক (General Secretary) অভিষেশ মহন্ত (Abhishiek Mahanta) বিজেপিত যোগদান (Join to BJP)। বিজেপিৰ নীতি-আদৰ্শ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নীতি-আদর্শত আকৃষ্ট হৈ বিজেপিত যোগদান কৰা কথা ঘোষণা মহন্ত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিকল্প নাই অসমত। তেওঁ নেতৃত্বই সবল অসম গঢ় দিয়াত আগবাঢ়িব পাৰিম। উল্লেখ্য মহন্তৰ সৈতে প্ৰায় ৩০-৪০জন কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী যোগদান কৰে বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত-এই কথা জনাই মহন্তই।ইফালে অসমৰ আধৰুৱা কাম-কাজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে সম্পূৰ্ণ হ’ব।
তাপৰ্যপূৰ্ণ কথা কৃষক মুক্তি সংগ্ৰাম ভাতৃ সংগঠন ছাত্ৰ মুক্তি পৰা কটন বিশ্ববিদ্যালয়ৰ বিগত বর্ষ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সাধাৰণ সম্পাদক পদত জয়ী হৈছিল মহন্তই।আনহাতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বলিষ্ঠ সদস্য গৰাকী হঠাৎ আজি বিজেপি দলত যোগদানৰ সিদ্ধান্তই আচম্বিত কৰি তোলে নেতৃত্বক।
গুৰুত্বপূৰ্ণ কথা যে বিভিন্ন সময়ত সাধাৰণ সম্পাদক গৰাকীয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ গ্ৰহণ কৰি আহিছিল।