ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ ৭০ দশকত সাহিত্য সৃষ্টিৰ নতুন ধাৰৰ প্ৰতি আকৃষ্ট হওঁ। শৈশৱৰে পৰা ভোগবাদৰ পৰা আঁতৰি আছিলোঁ। সেই সময়তে মনৰ মাজত যি জুই জ্বলি আছিল সেই জুই আজিও জ্বলি আছে।প্ৰতিষ্ঠা, ঐশ্বৰ্য আদিৰ বাবে কেতিয়াও লিখা নাই। যি দেখিছো তাকে লিখি আহিছো । সেই সময়ত বাওঁপন্থী চিন্তা ধাৰাৰ মাজত যি সোমাই পৰিলো আজিও সেই ধাৰা অব্যাহত আছে।” গোলাঘাটৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান গোলাঘাট জাতীয় বিদ্যালয়ে এই বৰ্ষৰ পৰা আৰম্ভ কৰা গোলাঘাট জাতীয় বিদ্যালয় বঁটা গ্ৰহণ কৰি এনেদৰে মন্তব্য কৰে বিশিষ্ট সাহিত্যিক, গোলাঘাটৰ সুসন্তান অৰূপা পটঙ্গীয়া কলিতাই৷ এই বক্তব্য প্ৰদান কৰে।
বঁটা গ্ৰহণ কৰি লগতে সাহিত্যিকগৰাকীয়ে কয় যে গোলাঘাটৰ জীয়ৰী অৰূপা পটঙ্গীয়া কলিতাই গোলাঘাটৰ সম্পৰ্কত কয় যে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ দৰে মোৰ বাবেও গোলাঘাটখন হৈছে তীৰ্থস্থান। বেজবৰুৱাই জীৱন সোঁৱৰণত লিখি থৈ গৈছে যে মোৰ মাতৃ এই গোলাঘাটতেই মৃত্যু হৈছিল ককাইদেউ গোবিন্দ বেজবৰুৱাৰ লগত থকাৰ সময়ত গতিকে গোলাঘাট মোৰ বাবে তীৰ্থস্থান। মোকো গোলাঘাটৰ সমাজে গঢ়ি আগবঢ়াই দিছে৷ বৰ্তমানলৈকে বহু বঁটা গ্ৰহণ কৰিছো৷ কিন্তু আজি এই বঁটা গ্ৰহণেৰে মোৰ মন ভৰি গৈছে৷ মোৰ জন্ম ঠাইৰ মোৰ নিজৰ আপোন মানুহে দিয়া এই বটাই মোক নতুন প্ৰেৰণা দিলে৷
এই বঁটাত লগত থাকে গামোচা সঁফুৰা স্মাৰক ২০ হাজাৰ চেক আৰু প্ৰশস্তি পত্ৰ৷ শিক্ষানুষ্ঠানখনৰ শৈক্ষিক ন্যাস মণ্ডলীৰ সভাপতি ডাঃ অজিত বৰুৱাৰ সভাপতিত্বত অনুস্থিত হোৱা বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি বঁটা প্ৰদান কৰে বিশিষ্ট ভাষা গবেষক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড° বসন্ত কুমাৰ গোস্বামীয়ে৷ বঁটা প্ৰদান কৰি লেখকৰ কোনো ধৰ্ম নাই , কোনো লিংগ নাই সেয়ে মই ড° পটঙ্গীয়াক এগৰাকী লেখক বুলিয়েই সন্মানিত কৰিম৷ অসমৰ জাতীয় বিদ্যালয়সমূহে বিদ্যায়তনিক দিশত আশাৰ ৰেঙনী কঢ়িয়াইছে৷ জাতীয় বিদ্যালয় বৃদ্ধি পোৱাতো শুভ লক্ষণ৷ এই বঁটাই বঁটা প্ৰাপক গৰাকীক আৰু অনুপ্ৰাণিত কৰিব বুলিও মন্তব্য কৰে।অনুষ্ঠানত বিশিষ্ট পুথি প্ৰকাশক ক্ষীৰোদ গোস্বামীয়ে বক্তব্য প্ৰদান কৰে৷ বিদ্যালয়খনৰ শৈক্ষিক ন্যাসৰ সদস্য ডাঃ মানস ৰয়, চফিয়া হুছেইন, অমিয়া তামূলি, প্ৰধান শিক্ষয়িত্ৰী স্মৃতিৰেখা বৰাৰ লগতে গোলাঘাটৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
উল্লেখ্য যেপ্ৰত্যেক বছৰে অসমৰ ভাষা, সাহিত্য-সংস্কৃতিত বিশিষ্ট বৰঙনি আগবঢ়োৱা ব্যক্তিক এই বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গোলাঘাট জাতীয় বিদ্যালয়ে। বিশিষ্ট সাহিত্যিক গৰাকীক গোলাঘাটৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে সম্বৰ্দ্ধনা জনায় ।













