ASSAM TIMES POST
নগাঁও : নগাঁও চহৰৰ শিৱনগৰ নিবাসী বিশিষ্ট লিখক তথা জলসিঞ্চন বিভাগৰ অৱসৰপ্রাপ্ত কৰ্মচাৰী ধৰনীধৰ বৰদলৈ ( ৮৩ )ৰ আজি দুপৰীয়া নিজ বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে। বিগত কিছুদিন ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈ থকা বৰদলৈয়ে অৱশেষত আজি দুপৰীয়া মৃত্যুক আকোৱালি লয়। ১৫ খনৰো অধিক আধ্যাত্মিক দৰ্শনৰ লগতে কাব্য গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্য জগতখনলৈ উল্লেখনীয় বৰঙণি আগবঢ়াই যোৱা ধৰনীধৰ বৰদলৈ এগৰাকী সৎ ব্যক্তি হিচাপে সমাজত পৰিচিত।
আজি দুপৰীয়া বৰদলৈৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে-লগে স্থানীয় ৰাইজ আৰু গুনমুগ্ধ সকলে তেওঁৰ ঘৰত উপস্থিত হৈ তেওঁৰ প্ৰতি শেষ শ্ৰদ্ধা জনায়। নগাঁৱৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত জলসিঞ্চনৰ বিভাগৰ অৱসৰপ্রাপ্ত কৰ্মচাৰী লিখক ধৰনীধৰ বৰদলৈৰ মৃত্যুত নগাঁৱত শোকৰ ছাঁ পৰে। শিৱনগৰৰ সমলয় সাংস্কৃতিক গোষ্ঠীয়ে বৰদলৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তিনি দিনৰ বাবে গোষ্ঠীৰ পতাকা অৰ্ধনমিত কৰি ৰাখে।
নগাঁও চহৰৰ শ্মশানঘাট শিৱ মন্দিৰৰ লগত জড়িত বৰদলৈৰ মৃত্যুত শ্মশানঘাট শিব মন্দিৰ পৰিচালনা সমিতিয়েও গভীৰ শোক প্ৰকাশ কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন বিধায়ক গিৰীন্দ্ৰ কুমাৰ বৰুৱা আদিয়ে বৰদলৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত তেওঁ পত্নী, এজন পুত্ৰ, এগৰাকী কন্যা, বোৱাৰী,নাতি- নাতিনী সহ ভালেসংখ্যক আত্মীয়ক ইহ সংসাৰত এৰি থৈ যায়।













