ASSAM TIMES POST
নগাঁও : নগাঁও চহৰৰ আমোলাপট্টি শ্মশানঘাট চৌহদত নিৰ্মাণ কাৰ্য চলি থকা নৱগ্ৰহ মন্দিৰৰ নিৰ্মাণ কাৰ্য শীঘ্ৰে সম্পূৰ্ণ কৰাৰ আশ্বাস প্ৰদান কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। আজি আমোলাপট্টি শ্মশানঘাট শ্ৰী শ্ৰী শিৱ মন্দিৰৰ নটৰাজ কলা ক্ষেত্ৰত অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰি বিধায়ক শৰ্মাই মন্দিৰটোৰ নিৰ্মাণ কাৰ্য সম্পূর্ণ কৰাৰ বাবে সকলোৰে সহযোগিতা বিচাৰে। ভাষণ প্ৰসংগত তেওঁ কয় যে মন্দিৰটোৰ নিৰ্মাণ কাৰ্য সম্পূর্ণ হৈ উঠিলে গ্ৰহ পূজনৰ ক্ষেত্রত মধ্য অসমৰ ৰাইজৰ এক অভাৱ দূৰ হব ।

এই সভাতেই বিধায়ক গৰাকীয়ে তেওঁৰ বিধায়ক পূঁজিৰ পৰা দুই লাখ টকাৰ সাহাৰ্যৰ চেক নৱগ্ৰহ মন্দিৰ নিৰ্মাণ সমিতিক প্ৰদান কৰে। মন্দিৰ নিৰ্মান সমিতিৰ সভাপতি প্ৰবীৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত সমিতিৰ সম্পাদক প্ৰফুল্ল শৰ্মাই মন্দিৰ নিৰ্মাণৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰে। সভাত শিক্ষাবিদ পবিন শৰ্মা, সমাজকৰ্মী সীমান্ত বৰা, সাংবাদিক জিতেন বৰকটকীয়ে নিজ ভাষণত মন্দিৰ নিৰ্মাণ কাৰ্য সুকলমে সমাধান কৰাত সকলোৰে সহযোগিতা কামনা কৰে। সভাত উপস্থিত থকা কেবাজনো ব্যাক্তিয়ে মন্দিৰ নিৰ্মাণৰ বাবে আৰ্থিক সাহাৰ্য আগবঢ়ায়। সভাতেই বিধায়ক শৰ্মাক নৱগ্ৰহ মন্দিৰ নিৰ্মান সমিতিৰ মুখ্য উপদেষ্টা নিৰ্বাচিত কৰে।













