ASSAM TIMES POST
গুৱাহাটীঃ সর্বশিক্ষা অভিযান, মাজুলীৰ উদ্যোগত আজি ৬৫ নং বালিচাপৰি প্ৰাথমিক বিদ্যালয়ত দিনৰ ১১ঃ০০ বজাত চিলাকলা-২ মণ্ডল সমল কেন্দ্ৰৰ শৈক্ষিক সভাখন অনুষ্ঠিত হয়। চিলাকলা-২ মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক ৰূপজ্যোতি শইকীয়াই আত ধৰা সভাখনত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে মাজুলী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া নৰনাথ গোহাঁই আৰু নামনি মাজুলীৰ চক্ৰৰ উপ-পৰিদৰ্শক কেশৱ দেউৰী। আজিৰ শৈক্ষিক সভাখনত আদৰ্শ পাঠদান আগবঢ়ায় পহুমৰা কৈৱত্য প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী জ্যোতি মনি শইকীয়াই।

ইয়াৰ পাছতেই স্ব-গুনোৎসৱ,গুনোৎসৱ, Learning Outcome, OER, Eco-club, শিক্ষকৰ email-id, NISHTHA ৰ আগন্তুক প্ৰশিক্ষণ, শিক্ষা দানৰ বিভিন্ন কৌশল, শিক্ষাদানৰ সমস্যা , ঠিকাভিত্তিক শিক্ষকৰ তথ্য-পাতি পৰীক্ষন আদি বিভিন্ন বিষয়ত বিতংকৈ আলোচনা কৰা হয়। উপস্থিত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া নৰনাথ গোহাঁয়ে স্ব-গুনোৎসৱৰ ওপৰত আৰু উপ-পৰিদৰ্শক কেশৱ দেউৰীয়ে OER, শিক্ষাদানৰ বিভিন্ন কৌশলৰ ওপৰত ব্যাখ্যা আগবঢ়ায়। পৰবৰ্তী সময়ত শিক্ষক-শিক্ষয়িত্ৰী সকলৰ মাজত বিভিন্ন শৈক্ষিক দিশৰ ওপৰত আলোচনা কৰা হয়।
আজিৰ এই শৈক্ষিক সভাখনত চিলাকলা-২ মণ্ডল সমল কেন্দ্ৰৰ ১৩ খন প্ৰাথমিক বিদ্যালয়ৰ প্ৰায় ৩৭ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰিছে বুলি মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক ৰূপজ্যোতি শইকীয়াই জনাইছে। উল্লেখযোগ্য যে, ৬৫ নং বালিচাপৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান জিতুল বৰাই সভাৰ শেষত ধন্যবাদসূচক বক্তব্য ৰাখে।
তেখেতে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা মাজুলী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া নৰনাথ গোহাঁই আৰু নামনি মাজুলীৰ চক্ৰৰ উপ-পৰিদৰ্শক কেশৱ দেউৰীক বিশেষভাবে ধন্যবাদ জনায় আৰু পৰবৰ্তী সভা-সমিতিত বিষয়াদ্বয়ৰ উপস্থিতি তথা সহযোগিতা কামনা কৰে। উক্ত বিদ্যালয়ৰ সহ:শিক্ষয়িত্ৰী জোনমনি দেৱী ভাগৱতীয়ে আজিৰ শৈক্ষিক সভাখন সুচাৰুৰূপে আয়োজন কৰাত মণ্ডল সমল কেন্দ্ৰ সমন্বয়কক বিশেষভাৱে সহযোগিতা আগবঢ়াইছে।













