ASSM TIMES POST
নগাঁওঃ বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ আৰ্থিক দীনতাৰ বাবে চিকিৎসা কৰিব নোৱাৰা এগৰাকী শিক্ষয়ত্ৰীৰ বাবে আৰ্থিক সাহায্য বিচাৰি নগাঁৱৰ পদপথত সহায় ভিক্ষা বিচাৰিলে এজাক ছাত্ৰ-ছাত্ৰীয়ে।
নগাঁৱৰ এখন ব্যক্তিগত কণিষ্ঠ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ শিক্ষয়ত্ৰী ৰীতা দাস বৰদলৈৰ দুয়োটা বৃক্ক বিকল হৈ পৰাৰ বাবে বৰ্তমান চিকিৎসাৰ বাবে প্ৰায় ২০ৰ পৰা ২৫ লাখ টকাৰ প্ৰয়োজন। ব্যক্তিগত শিক্ষানুষ্ঠানত শিক্ষকতা কৰা শিক্ষয়ত্ৰী গৰাকীৰ উন্নত চিকিৎসাৰ বাবে ব্যয় বহনত তেওঁৰ পৰিয়াল অসমৰ্থ।
সেয়ে শিক্ষয়ত্ৰীগৰাকীয়ে শিক্ষাদান কৰা বহু ছাত্ৰ-ছাত্ৰীয়ে আজি নগাঁও চহৰৰ বিভিন্ন স্হানত আৰ্থিক সাহায্য বিচাৰি ৰাজপথলৈ ওলাই আহিল। নগাঁৱৰ বিভিন্ন শিক্ষানুষ্ঠানত অধ্যয়ণৰত ছাত্ৰ-ছাত্ৰী সকলে বৰষুণৰ বতৰতো পুৱাৰে পৰা সহায় বিচাৰি পদপথত দান-বৰঙনি সংগ্ৰহৰ প্ৰচেষ্টা কৰা দেখা গ’ল।
ছাত্ৰ-ছাত্ৰী সকলে মৰমৰ শিক্ষয়ত্ৰী গৰাকীক সহায়ৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ লগতে অসমবাসীকো আহ্বান জনায়। শিক্ষয়ত্ৰী গৰাকীক সহায় আগবঢ়াব বিচৰা ৰাইজক ভাৰতীয় ষ্টেট বেংকৰ দিগন্ত বৰদলৈৰ একাউণ্ট নং 31917510909(IFSC SBI0000146)ত সহায় আগবঢ়াবলৈ অনুৰোধ জনায়। গুৰু-শিষ্যৰ সম্পৰ্কৰ অৱনতি ঘটা বুলি সময়ে সময়ে চৰ্চিত হোৱাৰ বিপৰীতে নগাঁৱৰ এইসকল ছাত্ৰ-ছাত্ৰীৰ গুৰুভক্তিয়ে সকলোকে আকৰ্ষিত কৰিছে।













