- উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক সন্মান জনাবলৈ আহ্বান অধ্যক্ষ দিলীপ বৰাৰ
ASSAM TIMES POST
নগাঁওঃ পোহৰৰ উৎসৱ দীপাৱলীত ফটকা ফুটোৱাৰ পৰা বিৰত থাকিব বে-চৰকাৰী খণ্ডৰ অগ্ৰণী শিক্ষা প্রতিষ্ঠান নগাঁৱৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল।
ফটকা ফুটোৱাৰ পৰিৱর্তে মাটিৰ চাকিৰে উজ্জ্বলাই তুলিব দীপাৱলীৰ সন্ধিয়া। উল্লেখ্য, ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰাই পক্ষকুল, জীৱকুলৰ সুৰক্ষাৰ লগতে পৰিবেশ প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা প্রতিষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীসকলক দীপাৱলীৰ নিশা ফটকা ফুটোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়।
বিশেষকৈ ২০১৮ চনৰ ২৩ অক্টোবৰত ভাৰতবর্ষৰ উচ্চতম ন্যায়ালয়ে দীপাৱলীৰ নিশা ফটকা, আতচবাজি ফুটোৱাৰ ক্ষেত্রত জাৰি কৰা নিৰ্দেশনাৰ বিষয়ে উল্লেখ কৰি অধ্যক্ষ বৰাই উচ্চ প্ৰাবল্যৰ শব্দ সৃষ্টি কৰা ফটকাৰ পৰা হোৱা অনিষ্টৰ বিষয়ে ছাত্ৰ-ছাত্ৰী সকলক অৱগত কৰে।
ফটকাৰ পৰিৱর্তে দীপাৱলীত আলোকসজ্জাৰে উপভোগ্য কৰি তুলিবলৈকো অধ্যক্ষগৰাকীয়ে আহ্বান জনায়। আনহাতে অধ্যক্ষ দিলীপ বৰাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে দীপাৱলীত ফটকা ফুটোৱাৰ পৰা বিৰত থাকিব বুলি জানিব পৰা গৈছে।












