ASSAM TIMES POST
গুৱাহাটীঃ কামৰূপ মহানগৰ জিলাৰ ৰাষ্ট্ৰীয় শিশু শ্ৰমিক প্ৰকল্প আঁচনিৰ উদ্যোগত আজি গুৱাহাটীৰ লতাশিলস্থিত বিষ্ণু নিৰ্মলা শিশু পুথি ভঁড়ালৰ সভাগৃহত আয়োজিত শিশু শ্ৰমিক সম্পৰ্কীয় এক সজাগতামূলক অনুষ্ঠান কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে আনুষ্ঠানিকভাৱে মুকলি কৰে। অনুষ্ঠানত জিলা উপায়ুক্ত পেগুৱে শিশু শ্ৰমিক প্ৰকল্প আঁচনিখনৰ উদ্দেশ্যৰ লগতে শিশু শ্ৰমিকৰ শিক্ষা-দান ব্যৱস্থা সম্পৰ্কে আৰু শিশু শ্ৰমিকৰ ক্ষেত্ৰত ল’ব লগা পদক্ষেপসমূহৰ এক আভাস দাঙি ধৰাৰ উপৰিও প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বিষয়ে উল্লেখ কৰে। উপায়ুক্ত গৰাকীয়ে বিভিন্ন উদ্যোগ, কাৰখানা আদিত শিশু শ্ৰমিক নিয়োজিত কৰা সংস্থাসমূহৰ মাজত শিশু শ্ৰমিক নিবাৰণৰ কাৰণে সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
সভাত অতিৰিক্ত উপায়ুক্ত ৰাতুল পাঠকে কামৰূপ মহানগৰ জিলাৰ ৰাষ্ট্ৰীয় শিশু প্ৰকল্পৰ অধীনৰ বিশেষ প্ৰশিক্ষণ কেন্দ্ৰসমূহে শিশু শ্ৰমিকৰ কল্যাণৰ কাৰণে কৰা কাম-কাজৰ বিষয়ে কয়। অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে শিশু শ্ৰমিকসকলৰ অভিভাৱক সকলৰ মাজতো শিশু শ্ৰমিক নিবাৰণ আৰু তেওঁলোকৰ কল্যাণৰ বাবে সজাগতা সৃষ্টিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
সভাত জিলা উপায়ুক্ত পেগুৱে জিলাৰ ৰাষ্ট্ৰীয় শিশু প্ৰকল্প আঁচনিৰ অধীনত অধ্যয়নৰত শিশু শ্ৰমিকসকলৰ মাজত স্কুল বেগ, টিফিন বক্স, পানীৰ বটল আদি ভালেমান সামগ্ৰী বিতৰণ কৰে। উল্লেখ্য যে শিশু শ্ৰমিকসকললৈ আগবঢ়োৱা এই সামগ্ৰীসমূহ সামাজিক দায়ৱদ্ধতা আঁচনিৰ অধীনত ষ্টাৰ চিমেণ্ট প্ৰাইভেট লিমিটেডে আগবঢ়ায়।
অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ শ্ৰম বিষয়া নৰেশ চন্দ্ৰ দাস, প্ৰিয়বন্ধুৰ প্ৰতিষ্ঠাপক অৰ্চনা বৰঠাকুৰে সভাত শিশু শ্ৰমিকৰ সৈতে জড়িত বিভিন্ন দিশৰ বিষয়ে আলোচনা আগবঢ়ায়। উক্ত সভাত ষ্টাৰ চিমেণ্টৰ উপ সভাপতি প্ৰদীপ পোৰুহিত আৰু জ্যেষ্ঠ প্ৰৱন্ধক সুকণ্যা গোস্বামী আদিকে ধৰি কেইবাটাও স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিনিধি উপস্থিত আছিল। উক্ত অনুষ্ঠানটিত আঁত ধৰে প্ৰকল্প প্ৰবন্ধক মৌচুমী মহন্তই।













