ASSAM TIMES POST
উৎপল দাসঃ গোলাঘাট শাখা সাহিত্য সভাই জ্ঞান মালিনী কবি মফিজুদ্দিন আহমেদ হাজৰিকাৰ স্মৃতিত শুকুৰবাৰে কবিজনাৰ ৰচিত কবিতাৰ স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এক আবৃত্তি প্ৰতিযোগিতা অনুস্থিত হয়৷ উল্লেখযোগ্য যে ১৯২৯ চনত অসম সাহিত্য সভাৰ গোলাঘাট অধিবেশনত আহমদ হাজৰিকাই সহিত্য সভাৰ সভাপতি ৰূপে সেই বছৰৰ ২৫ অক্টোবৰত এক কালজয়ী ভাষণ প্ৰদান কৰিছিল৷ ভাষণৰ ২৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে কবিজনাৰ স্মৃতিত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল৷ এই উপলক্ষে অনুষ্ঠিত সভাত গোলাঘাট শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ক্ষীৰোদ কুমাৰ গোস্বামীয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্যেশ্যি আহমদ হাজৰিকাৰ জীৱন আৰু সাহিত্যৰ বিষয়ে এক মনোগ্ৰাহী ভাষণ প্ৰদান কৰে৷
প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে ক্ৰমে গায়ত্ৰী গগৈ (গোলাঘাট শিশু ভৱন), অংকিতা ডেকা (মহাত্মা বাল্য ভৱন) আৰু ৰিজুৱানা হুছেইন (গোলাঘাট জাতীয় বিদ্যালয়)৷ বিচাৰকৰ আসনত আছিল সদৌ অসম আবৃত্তি মঞ্চৰ সম্পাদক ৰাজীৱ বল্লভ গোস্বামী আৰু ড° লুকুমনি গোস্বামী৷ সভাত সভাপতিত্ব কৰে গোলাঘাট শাখা সহিত্য সভাৰ সভাপতি অপৰাজিতা বৰুৱাই আৰু সভাৰ আঁত ধৰে সম্পাদক সুনীল কুমাৰ ৰাজগুৰুৱে৷













