ASSAM TIMES POST
নগাঁও: নগাঁও জিলা উপায়ুক্তই এক নিৰ্দেশ যোগে আগন্তুক দীপাৱলী উপলক্ষে ২৮ অক্টোবৰত সমগ্ৰ নগাঁও জিলাত স্থানীয় বন্ধ ঘোষণা কৰিছে। এক নিৰ্দেশনা অনুসৰি উক্ত দিনটোত জিলা খনৰ সমূহ চৰকাৰী কাৰ্য্যালয় , শিক্ষা অনুষ্ঠান আদি বন্ধ থাকিব। অৱশ্যে পূৰ্বে নিৰ্ধাৰিত পৰীক্ষা আৰু জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰত এই নিৰ্দেশ প্ৰযোজ্য নহব।













