কাৰবি আংলঙ (Karbi Along) অসম-নাগালেণ্ড সীমান্ত (Assam-Nagaland border)ত অবৈধ ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে লাভ কৰিছে ধাৰাবাহিক সফলতা ৷ আজি পুৱাৰ ভাগত সন্দেহযুক্ত বুজন পৰিমাণৰ হেৰইনসহ দুই মহিলাসহ এটা পুৰুষ খটখটী আৰক্ষী (Khatkhati Police Station)ৰ জাল (Net)ত পৰাৰ বাতৰি পোহৰলৈ আহিছে ৷ প্ৰাপ্ত খবৰ অনুসৰি আজি পুৱাৰ ভাগত খটখটী থানাৰ অ’চি ৰাজু দুৱৰা (O.C. Raju Dowara)ৰ নেতৃত্বত খটখটী থানা ষ্টাফ আৰু বোকাজান চিআৰপিএফ ২০ বিএনৰ দলৰ সহযোগত খটখটীত এক নাকা তালাচী বহায় ৷
উক্ত নাকা তালাচী কালত পুৱা ৯মান বজাত AS-21-C-9306 নম্বৰৰ বাছত তালাচী চলাই এখনত ১০টা চাবোনৰ বাকচত কঢ়িয়াই অনা ১২৯’৩৪ গ্ৰাম সন্দেহযুক্ত হেৰইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ সন্দেহযুক্ত হেৰইনখিনি বাছখনত যাত্ৰী হিচাপে অহা হোজাইৰ লামডিঙৰ অফিচাৰ্ছ কলনিৰ কুৰম ৰাওৰ কন্যা ২৬ বছৰীয়া সাৰদা ৰাওৰ দেহাত কৌশলগতভাবে লুকুৱাই অনা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰিছিল ৷
পিছত ধৃত মহিলাগৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত খটখটী আৰক্ষী আৰু ডিমাপুৰ পুৱ থানাৰ আৰক্ষীৰ সহযোগত ডিমাপুৰৰ হোটেল নিউ কেণ্টৰ ৩১১ আৰু ৩১২ নম্বৰ কোঠালীৰ পৰা আন দুজনৰ পৰা ২৮’১৪ গ্ৰাম সন্দেহযুক্ত হেৰইন জব্দ কৰিবলৈ সক্ষম হয় ৷ হোটেলখনৰ পৰা হোজাইৰ লামডিং থানা এলেকাৰ ছাউথ হিল কলনিৰ কমল মজুমদাৰৰ পুত্ৰ ২৬ বছৰীয়া দুলন মজুমদাৰ আৰু মণিপুৰ সেনাপতি জিলাৰ খামচং কেৰং গাঁৱৰ ৩৭ বছৰীয়া টি ৰবিনাহ লাংনেহক আটক কৰিবলৈ সক্ষম হয় ৷
আৰক্ষীয়ে আজি তিনিটা সৰবৰাহকাৰীৰ পৰা মুঠ ১৪৭’৪৮ গ্ৰাম সন্দেহযুক্ত হেৰইন জব্দ কৰিবলৈ সক্ষম হয় ৷ এই সন্দৰ্ভত ধৃত দুলন মজুমদাৰৰ পৰা এএছ06 ডি 6199 নম্বৰৰ এখন বাহনো জব্দ কৰে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷