ONGC-ৰ ৭ জন যাত্ৰী আৰু ২জন পাইলটক কঢ়িয়াই নিয়া এখন হেলিকপ্টাৰে (helicopter) মঙলবাৰে মুম্বাই অ’এনজিচিৰ ৰিগ সাগৰ কিৰণৰ ওচৰত আৰৱ সাগৰ (Arabian Sea)ত জৰুৰী অৱতৰণ (emergency landing) কৰে।
এতিয়ালৈকে মুঠ ৬জন লোকক উদ্ধাৰ (rescue) কৰা হৈছে আৰু ৩জনক উদ্ধাৰ অভিযান চলি আছে। চৰকাৰী সূত্ৰ অনুসৰি, ভাৰতীয় উপকূলৰক্ষী বাহিনীয়েও উদ্ধাৰ অভিযানত যোগদান কৰিছে।
উপকূলৰক্ষী বাহিনীয়ে উদ্ধাৰ অভিযানৰ বাবে দুখন জাহাজেৰে উক্ত স্থানৰ ফালে আগুৱাই গৈছে। চৰকাৰী তথ্যৰ মতে দমনৰ পৰা উৰা মৰা এখন ডৰ্ণিয়াৰ হেলিকপ্টাৰখনে অঞ্চলটোত জৰুৰী অৱতৰণ কৰে। দুৰ্ঘটনাটোৰ সঠিক স্থান মুম্বাইৰ পৰা আৰৱ সাগৰৰ ভিতৰত ৭ নটিকেল মাইল দূৰত্বত হোৱা বুলি উল্লেখ কৰিছে।