![]()
শাপুৰজি–পালনজি গ্রুপ ((Shapurji–Palanji Group)ৰ প্রধান পালনজি মিস্ত্রি (Palanji Mistry) প্রয়াত (death)।
দক্ষিণ মুম্বাইৰ নিজৰ বাসভৱনত শুই থকা অৱস্থাতে মৃত্যু হয় প্ৰখ্যাত উদ্যোগপতিজনৰ। মৃত্যু (death)ৰ সময়ত তেওঁৰ বয়স হৈছিল ৯৩ বছৰ। তেওঁৰ কোম্পানীৰ তৰফৰ পৰা এই খবৰ দিয়া হৈছে। ১৫০ বছৰৰো পুৰণি কোম্পানী শাপুৰজি–পালনজি গ্রুপৰ সাফল্যৰ বাবে পালনজি মিস্ত্রিৰ কৃতিত্ব বহুখিনি। ২০১৬ চনত শিল্পপতি পালনজিয়ে লাভ কৰিছিল পদ্মভূষণ পুৰস্কাৰ। গুজৰাটৰ এক পাৰ্চী পৰিয়ালত তেওঁৰ জন্ম। ফোবর্স পৰিসংখ্যা অনুযায়ী বিশ্বৰ শিল্পপতিসকলৰ মাজত তেওঁৰ স্থান আছিল ১৪৩ নম্বৰত।

১৮৬৫ চনত প্রতিষ্ঠিত এই কোম্পানীটো একাধিক ব্যৱসায়ৰ সৈতে জড়িত। তাৰ ভিতৰত ইঞ্জিনিয়াৰিং, নিৰ্মাণ, আন্তঃগাঁঠনি, ৰিয়েল ইষ্টেট, পানী, বিদ্যুৎ আৰু বিত্তীয় সেৱা আছে। দেশত একাধিক ডাঙৰ ডাঙৰ নির্মাণ আছে কোম্পানীটোৰ।
প্ৰায় ৫০খন দেশত বিস্তৃত শাপুৰজি–পালনজিৰ ব্যৱসায়। প্রয়াত পালনজিৰ ডাঙৰ পুত্ৰ বর্তমান কোম্পানীটোৰ চেয়াৰমেন। সৰু পুত্ৰ ছাইৰাছ মিস্ত্রি ২০১২ ৰ পৰা ২০১৬ পৰ্যন্ত টাটা ছন্সৰ চেয়াৰমেন আছিল। প্রয়াত পালনজিৰ দুগৰাকী কন্যাও আছে।













