![]()
আজি পৰিবহণ বিভাগ (Transport Dept.)ৰ এখন বৈঠকত সভাপতিত্ব কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)ই। উক্ত বৈঠকত অসম ৰাজ্যিক পৰিবহণ নিগম (Assam State Transport Corporation) আৰু ডিজিটেল সেৱা সম্বন্ধীয় বিভিন্ন বিষয়ত পর্যালোচনা কৰা হয়। বৈঠকত এএছটিচিক কেৱল বাছ চলোৱাতে সীমাবদ্ধ নাৰাখি এক অতি সক্রিয় আৰু লাভজনক সংস্থা হিচাপে গঢ়ি তোলাৰ বাবে বিশেষ আলোচনা কৰা হয়।
ASTC-ক মূলত এক অপাৰেটৰ হিচাপে প্রৱর্তন কৰি ইয়াৰ অধীনস্থ সকলো বাহনক সেৱা আৰু সুবিধা প্ৰদান কৰাৰ পদক্ষেপ গ্ৰহণৰ কথাও আলোচনা কৰা হয়। ৰাজ্য চৰকাৰৰ উবেৰাইজেচন আঁচনিৰ অধীনত ASTCয়ে উদ্যোগীসকলক ইয়াৰ অধীনত তেওঁলোকৰ বাছসমূহ চলোৱাত উদগনি জনাব বুলি মুখ্যমন্ত্ৰী (Chief Minister)য়ে প্ৰকাশ কৰে।

তদুপৰি যাত্ৰীসকলক উন্নত সেৱা আগবঢ়োৱাৰ বাবে ইয়াৰ অধীনত বাছ চলোৱা ব্যক্তিগত অপাৰেটৰসকলক বিনামূলীয়া পাৰ্কিং, ই-টিকট সেৱাৰ দৰে ৰেহাই প্ৰদান কৰা হ’ব। পৰিবহণ বিভাগত বিদ্যমান ৩৬টা ‘কণ্টেক্টলেছ’ সেৱাৰ উপৰি ইয়াৰ বৃদ্ধিৰ বাবে পদক্ষেপ গ্রহণ সম্পর্কেও বৈঠকত আলোচনা কৰা হয়।
বৈঠকত অসম ৰাজ্যিক পৰিবহণ নিগম মিছনৰ অধ্যক্ষ মিছন ৰঞ্জন দাস, মুখ্যমন্ত্রীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহাকে ধৰি অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।













