![]()
মাতৃ হ’ব ওলাইছে অভিনেত্রী আলিয়া ভাট (Alia Bhatt)। সোমবাৰে পুৱাতেই অন্তঃসত্ত্বা (Pregnant) হোৱাৰ খবৰ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে অভিনেত্রীগৰাকীয়ে। ৰণবীৰ কাপুৰ (Ranbir Kapoor)ৰ লগত এখন ছবি শ্বেয়াৰ কৰি মাতৃ হ’বলৈ আগবঢ়াৰ খবৰ জনালে আলিয়াই। ২০২৩ ৰ বছৰটোতেই মৰমলগা এটি শিশুৰ জন্ম দিবলৈ গৈ আছে তেওঁ । বিয়াৰ তিনি মাহৰ পাছতেই সুখবৰ জনালে ৰণবীৰ-আলিয়াই।
সোমবাৰে পুৱাই হস্পিটেলত থকা এখন ছবি পোষ্ট কৰে আলিয়াই। হস্পিটেলৰ বেডত তেওঁ, কাষত ৰণবীৰ। ছনোগ্রাফীৰ ছবিৰ ফালে চাই আছে দুয়োজনেই। সন্তানসম্ভৱা আলিয়াৰ মুখত উজ্জ্বল হাঁহি। ছবিখনৰ কেপচনত অভিনেত্রীগৰাকীয়ে লিখিছে, ‘আমাৰ সন্তান…শীঘ্রেই আহি আছে !’

তাৰপিছত আৰু এখন ছবি পোষ্ট কৰে। যʼত এটি সিংহৰ পোৱালিক মৰম কৰি থকা দেখা গৈছে। সপ্তাহৰ প্রথমদিনাই ইমান ধুনীয়া খবৰ এটি শ্বেয়াৰ কৰে আলিয়াই।
ফলত অনুৰাগীসকলৰ মাজত উন্মাদনা বাঢ়িছে। নীতু কাপুৰ, প্রিয়ঙ্কা চোপ্ৰা, চোনি ৰাজদান, ঋদ্ধিমা কাপুৰ, কৰণ জোহৰৰ পৰা আৰম্ভ কৰি বি-টাউনৰ অসংখ্য তাৰকাই তেওঁলোকক শুভেচ্ছা জনাইছে।













