আজি আন্তৰাষ্ট্ৰীয় ড্ৰাগছ বিৰুধী দিৱস ৷ সেই মৰ্মে ডিফু নগৰ আৰক্ষী চকীত এখনি ড্ৰাগছ সজাগতা সভা অনুষ্ঠিত হৈ যায় । উক্ত সভাত প্ৰৱেছনাৰী উপ আৰক্ষী অধীক্ষক নিলোৎপল শইকীয়া, ডিফু থানাৰ দ্বিতীয় ভাৰপ্ৰাপ্ত বিষয়া নিপুল আহমেদ মঞ্চত উপস্থিত থাকে প্ৰৱেছনাৰী উপপৰিদৰ্শক ৰাজ লক্ষ্মী গগৈ , উপপৰিদৰ্শক প্ৰৱেছনাৰী জয়ন্ত দলে, ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনটি মজুমদাৰৰ লগতে ভিডিপিৰ সভাপতি, সম্পাদক সকল উপস্থিত থাকে ৷
আৰক্ষী বিষয়া সকলে ভাষণত কয় যে ড্ৰাগছ যুৱ প্ৰজন্মৰ কাৰণে মাৰাত্মক বস্তু , আজি গাঁৱে ভুৱে সকলো ঠাইত যুৱ প্ৰজন্ম ড্ৰাগছৰ প্ৰতি আসক্ত হোৱা দেখা গৈছে, সেয়েহে সকলো নাগৰিক, অভিভাৱক সজাগ হোৱা টো অত্যন্ত প্ৰয়োজন , লগতে নিজ নিজ পুত্ৰ – কণ্যাৰ ওপৰত চকু ৰাখিব লাগে কাৰণ ড্ৰাগছ ৰ কৱলত পৰা যুৱ পৰিয়ালই নহয় গোটেই সমাজখনে দূষিত কৰি সমাজৰ বিপদ ঘটাব পাৰে।
সেয়েহে যদি অভিভাবক গম পায় যে তেখেতৰ লৰা বা ছোৱালী ড্ৰাগছ সেৱন কৰে তেন্তে নিজে আৰক্ষীক গতাই দিলে বহুত কম সময়ত ড্ৰাগছ ৰ কৱলৰ পৰা সকাহ পাব পৰা যাব। ইয়াৰ পূৰ্বে ডিফু আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে ডিফু চহৰত সজাগতামূলক পষ্টাৰিং কৰে ৷