নগাঁও আৰক্ষীয়ে বিভিন্ন সময়ত জব্দ কৰা ৭ কোটি মূল্যৰ ড্ৰাগছ সমূহ আজি বঢ়মপুৰ খেল পথাৰত জিলা আৰক্ষী অধীক্ষক লীলা দলে উপস্থিতিত নষ্ট কৰা হয়।
নগাঁৱত ড্ৰাগছ বিৰোধী অভিযান নিৰন্তৰ ভাৱে অনাগত দিনলৈ চলি থকাৰ লগতে এখন ড্ৰাগছ মুক্ত অসম গঢ়াৰ বাবে সকলোৰে সহযোগিতা কামনা কৰি বক্তব্য দিয়ে জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে।
এই কাৰ্যসূচীত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাকে ধৰি আন বিষয়া সকল উপস্থিত থাকে।