![]()
প্রধানমন্ত্রী (Prime Minister) আৰু প্রতিৰক্ষা মন্ত্রী (Minister of Defence)ৰ পৰা সমর্থন বিচাৰি ফোন (Call for support) কৰিলে বিৰোধী দলৰ ৰাষ্ট্রপতি পদপ্রার্থী যশৱন্ত সিনহা (Presidential candidate Yashwant Sinha)ই। ঝাড়খণ্ডৰ মুখ্যমন্ত্রী হেমন্ত সোৰেনকো ফোন কৰে যশৱন্ত সিনহাই। তেওঁ প্রার্থী হোৱাত ঝাড়খণ্ড জনমুক্তি মর্চাই যি প্রতিশ্রুতি দিছিল সেয়া তেওঁক মনত পেলাই দিয়ে।

এনডিএৰ তৰফৰ পৰা ৰাষ্ট্রপতি পদপ্রার্থী হিচাবে থিয় কৰোৱা হৈছে দ্রৌপদী মুর্মুক। আনুষ্ঠানিকভাবে তেওঁৰ মনোনয়ন-পত্র জমা দিয়াৰ সময়ত কাষত আছিল প্রধানমন্ত্রী নৰেন্দ্র মোদী। তৎসত্ত্বেও মোদীৰ সমর্থন বিচাৰি তেওঁৰ কার্যালয়লৈ ফোন কৰে যশৱন্ত সিনহাই। ফোন কৰে প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ কার্যালয়লৈও।
একালৰ ৰাজনৈতিক ‘মেন্টৰ’ লালকৃষ্ণ আডৱানিৰ সৈতেও যোগাযোগ কৰিছে বিৰোধীৰ ৰাষ্ট্রপতি পদপ্রার্থীজনে।













