![]()
৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ (37 No National Highway)ৰ মৰিগাঁও-ধৰমতুলত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা।
৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত এখন টাটা মোবাইল বাহনে এটা বান সাহায্য শিবিৰ মহতিয়াই নিয়ে। মৰিগাঁৱত (Morigaon) আজি পুৱতি নিশা সংঘটিত এই দুৰ্ঘটনা (Road accident)ত এজন লোকৰ মৃত্যুৰ লগতে আন ৬ জন আহত হয়।
উল্লেখ্য যে আজি পুৱা এএছ-০১-এনচি-১২০৪ নম্বৰৰ এখন দ্ৰুতবেগী টাটা মোবাইল বাহনে (Tata Mobile Vehicle) ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ধৰমতুল বিষ্ণু মন্দিৰৰ ওচৰত থকা বান সাহায্য শিবিৰটো মহতিয়াই নিয়ে।
ফলত বুবু দাস নামৰ এজন লোক ঘটনাস্থলীতে নিহত হয়। আনহাতে, এটা শিশুসহ ছয়জন লোক গুৰুতৰভাৱে আহত হয়। আটাইকেইজন আহতক এম্বুলেন্সৰে ততাতৈয়াকৈ নি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
আনহাতে, আৰক্ষীৰ অৱহেলাৰ বাবেই এনে এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু (1 death) হোৱাৰ উপৰি ৬ জন লোক গুৰুতৰভাৱে আহত (6 people seriously injured) হোৱা বুলি স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰে।
উল্লেখ্য যে বানপীড়িত লোকসকলে ঘাইপথৰ অস্থায়ী শিবিৰত আশ্ৰয় লৈ থকাৰ বাবে নিশা ৰাজপথত যান-বাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা আছিল। তাৰ মাজতো গাড়ী কেনেদৰে চলিব পাৰিলে তাক লৈও চৰ্চা চলিছে। ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।













