![]()
মুম্বাইৰ ২৬/১১ (26/11 Mumbai) সন্ত্রাসৰ অন্যতম চক্রান্তকাৰীৰ ১৫ বছৰ জে’লৰ শাস্তি বিহিলে পাকিস্তানে (Pakistan)। লস্কৰ-ই-তৈবা (Lashkar-e-Taiba)ৰ এই উগ্ৰপন্থীজনৰ নাম চাজিদ মীৰ। পাক সংবাদ মাধ্যমে জনাইছে যে লাহোৰৰ সন্ত্রাসদমন আদালতে চাজিদৰ বিৰুদ্ধে ২০০৮ চনতেই মুম্বাই আক্ৰমণৰ বাবে ধন সংগ্রহৰ অভিযোগ প্রমাণিত কৰিছে।

সন্ত্ৰাসবাদী লস্কৰৰ সামাজিক সংগঠন জামাত-উদ-দোৱাৰ সক্রিয় সদস্য আছিল চাজিদ। ২৬/১১ আক্ৰমণ (26/11 Attack))ৰ আৰু এক চক্র ডেভিদ কোলমেন হেডলিৰ লগত তেওঁ যোগাযোগ ৰাখিছিল। উল্লেখ্য, লস্কৰৰ হৈ ২৬/১১ আক্ৰমণৰ কাৰণে তথ্য সংগ্রহ কৰি একাধিকবাৰ ভাৰতলৈ আহিছিল হেডলি। পিছত আমেৰিকাৰ চোৰাংচোৱা সংস্থা এফবিআইয়ে তেওঁক গ্রেপ্তাৰ কৰে।
যদিও ২৬/১১ সন্ত্রাসৰ পিছত আত্মগোপন কৰিছিল চাজিদে। ভাৰতৰ ‘ম’ষ্ট ৱান্টেড’ তালিকাত থকা চাজিদৰ ‘মূৰৰ মূল্য’ ৫০ লাখ টকা ঘোষণা কৰিছিল এফবিআইয়ে। সম্প্রতি পাকিস্তান আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।













