এনডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুক সমৰ্থন কৰিছে সমাজবাদী পাৰ্টীৰ মুৰব্বী মায়াৱতীয়ে।ৰাষ্ট্ৰপতি নিৰ্বাচনত বিএছপিৰ ভোট লাভ কৰিছে দ্ৰৌপদীয়ে। এনডিএৰ প্ৰাৰ্থীগৰাকীক সমৰ্থন কৰাৰ কাৰণ হিচাপে মায়াৱতীয়ে কয়, “তেওঁ জনজাতীয় জনগোষ্ঠীৰ নেত্ৰী।
লগতে বিএছপিৰ আন্দোলনৰ এটা বৃহৎ অংশ এই খিলঞ্জীয়া জনগোষ্ঠীটোক কেন্দ্ৰ কৰি ঘূৰি আছে৷“তেওঁ কয় যে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত বিৰোধীয়ে তেওঁৰ সৈতে কোনো ধৰণৰ আলোচনাত মিলিত হোৱা নাই। ক্ষোভ প্ৰকাশ কৰি তেওঁ লগতে কয় যে “বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে মাত্ৰ কেইটামান দলক আলোচনাৰ বাবে মাতিলে।
শাৰদ পাৱাৰেও বিএছপিক এখন বৈঠকৰ বাবে মাতি অনাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা নাছিল। বিৰোধী দলসমূহে ৰাষ্ট্ৰপতি নিৰ্বাচন বৰ্জনৰ আহ্বান জনায় ৷“
মায়াৱতীয়ে লগতে কয়, “বিএছপি দলিতৰ নেতৃত্বত চলা একমাত্ৰ জাতীয় দল। আমি উদ্যোগপতিৰ ভৰি চেলেকিব নাযাওঁ। আমাৰ দলটোৱে ভুক্তভোগীসকলৰ বাবে কাম কৰে। দলিতসকলৰ হৈ যদি আন কোনো দলে কাম কৰে তেন্তে আমি মুকলি চকুৰে তেওঁলোকক সমৰ্থন কৰোঁ।“