ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ গোলাঘাট জিলাত চোৰাং অৰুণাচলী সুৰাৰ ব্যাপক সৰবৰাহৰ বিৰুদ্ধে অভিযান চলাবলৈ আহি যোৱা ২৫ ছেপ্টেম্বৰৰ নিশা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাত নিহত হোৱা আবকাৰী অনুসন্ধান ব্যুৰ’ৰ পৰিদৰ্শক চামু মাইবংচা, সহকাৰী পৰিদৰ্শক হৰেকৃষ্ণ কুমাৰ আৰু কণিষ্টবল ৰমেন বনজাংসহ তিনিজনকৈ লোকৰ ৰহস্যজনক ঘটনা বুধবাৰে উজনি অসম আয়ুক্ত পৰ্যায়ৰ তদন্তৰ ৰাজহুৱা শুনানি গোলাঘাটত গ্ৰহণ কৰা হয়।
উক্ত ৰহস্যজনক পথ দুৰ্ঘটনাৰ সনদৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উজনি অসমৰ আয়ুক্ত জুলি সোণোৱালক তদন্তৰ দায়িত্ব অৰ্পনৰ নিৰ্দেশ দিছিল। সেই মৰ্মে বুধবাৰে গোলাঘাটৰ চৰকাৰী আৱৰ্ত ভৱনত বাহৰ পাতি আয়ুক্তগৰাকীয়ে ৰাজহুৱা শুনানিৰ ব্যৱস্থা কৰে। কিন্তু ৰাজহুৱা এই শুনানি সন্দৰ্ভত বিশেষ প্ৰচাৰৰ ব্যৱস্থা নকৰাৰ বাবে খুব সীমিত সংখ্যক লোকৰেহ ভাষ্য ৰাজহুৱা শুনানিৰ নামত লিপিৱদ্ধ কৰা হ’ল বুলি জানিব পৰা যায়।
অভিযোগ অনুসৰি উজনি অসম আয়ুক্ত পৰ্যায়ৰ তদন্তত ঘটনা স্থানৰ কোনো লোকৰ সাক্ষ্য গ্ৰহণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ল। আয়ুক্তগৰাকীয়ে ঘটনাৰ লগত জড়িত ডাম্পাৰৰ মালিক, চালক আৰু আন এজন মাত্ৰ লোকৰহে ভাষ্য গ্ৰহণ কৰিয়েই দিনজোৰা ৰাজহুৱা শুনানিৰ সমাপ্তি ঘটোৱা হয় বুলি অভিযোগ উঠিছে। ইফালে সেইসময়ত আবকাৰী অনুসদ্ধান ব্যুৰ’ৰ তিনিজনকৈ লোক নিহত হোৱা উক্ত ঘটনাৰ অন্তৰালত অৰুণাচলী চোৰাং মদৰ চক্ৰৰ হাত থকা বুলিও বিভিন্ন মহলে সন্দেহ ব্যক্ত কৰিছিল।













